কলিয়াবৰ : কলিয়াবৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা। কলিয়াবৰ আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছখিনি।
কলিয়াবৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ অভিযানত এজন ড্ৰাগছ সৰবৰাহকাৰীও গ্ৰেপ্তাৰ হৈছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছখিনি জব্দ কৰে।
জানিব পৰা মাতে লাহৰিজানৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় পথৰে এ এছ-০১-এভি-৩০৪৮ নম্বৰৰ এখন বাহনেৰে ড্ৰাগছখিনি আনি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰে। ৭৬ টা চাবোনৰ বাকচত ভৰাই অনা হৈছিল ড্ৰাগছখিনি।
চাবোনৰ বাকচৰ পৰা প্ৰায় ৭৭৫ গ্ৰাম ওজনৰ ড্ৰাগছ উদ্ধাৰ হয়। ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৫ কোটি টকাৰ হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম মহিদুল ইছলাম। আৰক্ষীয়ে অধিক তথ্যৰ বাবে অভিযান অব্যাহত ৰাখিছে।