যোৰাবাট : ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অসমৰ ভূমিৰে ড্ৰাগছ সৰবৰাহ কৰাটো একপ্ৰকাৰ অসম্ভৱ কৰি ৰাখিছে আৰক্ষীয়ে। ইয়াৰ মাজতো ড্ৰাগছ সৰবৰাহকাৰী সকলে অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহৰ প্ৰচেষ্টা।

পুনৰবাৰ ড্ৰাগছ সৰবৰাহৰ এক প্ৰচেষ্টাক বিফল কৰিছে যোৰাবাট আৰক্ষীয়ে। যোৰাবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত অভিযান চলাই যোৰাবাট আৰক্ষীয়ে পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

যোৰাবাটত তালাচী চলাই আৰক্ষীয়ে ২৭ কেজি গাঞ্জা আৰু ২৮ হাজাৰ টকা নকল নোটসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম নাইমুদ্দিন বুলি জানিব পৰা গৈছে। এখন অটোত গাঞ্জা আৰু নকল নোটলৈ মেঘালয়ৰ দিশে গৈ থাকোতে আৰক্ষীয়ে নাইমুদ্দিনক আটক কৰে।

লগতে পঢ়ক –  ঢকুৱাখনাত ঐতিহাসিক ফাটবিহুৰ ব্যাপক প্ৰস্তুতি

আগৰতলাৰ পৰা এখন ৰে’লযোগ গাঞ্জা আৰু নকল নোট লৈ নাইমুদ্দিন গুৱাহাটী ৰেল ষ্টেচনত পুৱাৰ ভাগত উপস্থিত হৈছিল। এখন অটোত গাঞ্জা আৰু নকল নোটলৈ মেঘালয়ৰ দিশে গৈ থাকোতে আৰক্ষীয়ে তালাচী চলাই গাঞ্জা আৰু নকল নোটসহ নাইমুদ্দিনক আটক কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply