নিউজ ডেস্কঃ উত্তৰ প্ৰদেশত যোগীৰাজৰ দিনত এতিয়া প্ৰতি ১৫ দিনৰ ব্যৱধানত সংঘটিত হৈছে এটাকৈ এনকাউণ্টাৰৰ ঘটনা। অপৰাধীৰ বিৰুদ্ধে অভিযান চলোৱাটোকে সুশাসনৰ মন্ত্ৰ হিচাপে গণ্য কৰি অহা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰৰ ৬ টা বছৰত মুঠ ১৮৬ টা এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে।

১৮৬ টা এনকাউন্টাৰৰ ঘটনাত ৯৬ টা অপৰাধী নিহত হৈছে। এনকাউণ্টাৰ কৰা অপৰাধীৰ আটাইবোৰৰ বিৰুদ্ধে হত্যা, দলবদ্ধ যৌন নিৰ্যাতন আৰু POCSO আইনৰ অধীনত গোচৰ পঞ্জীয়ন আছে।

উত্তৰ প্ৰদেশৰ আৰক্ষী বিভাগৰ অনুসৰি, ৰাজ্যখনত এনে এনকাউণ্টাৰৰ ফলত অপৰাধমূলক ঘটনা যথেষ্ট পৰিমাণে হ্রাস পাইছে। এনকাউণ্টাৰৰ বাবে ৰাজ্যখনত ডকাইতিৰ ঘটনা ৮২ শতাংশ আৰু হত্যাৰ ঘটনা ৩৭ শতাংশলৈ হ্ৰাস পাইছে বুলি আৰক্ষী বিভাগে মত পোষণ কৰিছে।

ইয়াৰোপৰি, যোগীৰাজৰ ৬ টা বছৰত ‘অপাৰেচন লাংডা’ৰ অধীনত প্ৰতি ১৫ দিনৰ ব্যৱধানত ৩০ টা অপৰাধীক ভৰিত গুলীবৃদ্ধ কৰাৰো তথ্য পোহৰলৈ আহিছে। এই ৬ টা বছৰত বৰ্তমানলৈকে ৫,০৪৬ টা অপৰাধীক ভৰিত গুলীবৃদ্ধ ঘটনা সংঘটিত হৈছে।

লগতে পঢ়ক – ক’ত আয়োজন কৰা হ’ব এছিয়া কাপ ! IPL ৰ ফাইনেলৰ পিচতে চূড়ান্ত ঘোষণা কৰিব ACC য়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply