মানকাচৰ : ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা উদ্ধাৰ ৰশিদা খাতুনৰ মৃতদেহ। ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ শনিবাৰে সন্ধানহীন হৈছিল ৰশিদা খাতুন নামৰ শিশুটি। এতিয়াও সন্ধানহীন হালিমা খাতুন নামৰ শিশুটি। আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত।

দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ৰাভাটাৰী গাঁৱত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈ থকা দুটি শিশুৰ ভিতৰত এটি শিশুৰ মৃতদেহ দেওবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ পৰা আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে এতিয়াও আন এটি শিশু সন্ধানহীন হৈ আছে।

উল্লেখযোগ্য যে শনিবাৰে দিনৰ প্ৰায় ১২ বজাত ঘৰৰ কাষতে থকা ব্ৰহ্মপুত্ৰ নদীত ৰাভাটাৰী গাঁৱৰ ৰশিদুল ইছলামৰ কনমানি কন্যা ৰশিদা খাতুন আৰু হানিফ আলীৰ কন্যা হালিমা খাতুন আন সমনীয়াৰ সৈতে গা ধুবলৈ গৈ নদীত সন্ধানহীন হৈছিল। লগে লগে স্থানীয় লোক সকলে উদ্ধাৰ অভিযান আৰম্ভ কৰি দক্ষিণ শালমাৰা থানাত খবৰ দিয়াত আৰক্ষীয়ে ততকালীনভাৱে এছ ডি আৰ এফ বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল।

লগতে পঢ়ক – চি ডিভিজন ফুটবল লীগৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড

শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজালৈ শিশু দুটিক উদ্ধাৰ কৰিব পৰা হোৱা নাছিল যদিও দেওবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত ৰশিদা খাতুন নামৰ কনমানি শিশুটিৰ মৃতদেহ নদীৰ মাজৰ পৰা উদ্ধাৰ কৰা হয়। এতিয়াও হালিমা খাতুন নামৰ কনমানি শিশুটি সন্ধানহীন হৈ থকাত আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ইফালে ৰশিদা খাতুনৰ মৃতদেহ উদ্ধাৰ হোৱাত পৰিয়ালৰ লগতে অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply