কোকৰাঝাৰ : কোকৰাঝাৰত ভয়ংকৰ ঘটনা। ব্যৱসায়ীক লক্ষ্য কৰি কোকৰাঝাৰত গুলী বৰ্ষণ। দুৰ্বৃত্তৰ গুলীত আহত সুনীল মণ্ডল নামৰ ব্যৱসায়ীজন। কিছুদিন পূৰ্বে সুনীল মণ্ডলক সংগঠন এটাই ধন দাবী কৰিছিল।
শনিবাৰে নিশাৰ ভাগত কোকৰাঝাৰত সংঘটিত হয় এক গুলী চালনাৰ ঘটনা। চেৰফাংনগুৰিৰ নাৰাবাৰীত এজন গেলামাল দোকানীক লক্ষ্য কৰি দুৰ্বৃত্তই গুলী বর্ষণ কৰে। দুৰ্বৃত্তৰ গুলীত সুনীল মণ্ডল নামৰ গেলামাল দোকানীজন আহত হয়।
জানিব পৰা মতে কিছুদিন পুর্বে সুনীল মণ্ডল নামৰ গেলামালৰ দোকানীজনক কেএলঅ’ৰ নামত ফোনযোগে ধন দাবী কৰা হৈছিল। সুনীল মণ্ডলে ধন নিদিয়াৰ বাবেই তেওঁক লক্ষ্য কৰি এইদৰে গুলী বৰ্ষণ কৰা হয় বুলি সুনীল মণ্ডলৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
লগতে পঢ়ক – এছ আই জোনমণি ৰাভাক চাকৰিৰ পৰা নিলম্বন
উল্লেখ্য যে সুনীল মণ্ডলে দাবী কৰা ধন দিবলৈ অস্বীকাৰ কৰাত তেওঁক হত্যাৰ ভাবুকি দিয়া হৈছিল। এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছিল যদিও আৰক্ষীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে সুনীল মণ্ডলৰ পৰিয়ালৰ লোকে।