গুৱাহাটী : মহানগৰী গুৱাহাটীত ভয়ংকৰ পথ দুর্ঘটনা। এজন সুৰমত্ত গাড়ী চালকে মহতিয়াই নিলে এজনক। সুৰমত্ত গাড়ী চালকজন ভঙাগড় থানাৰ গাড়ী চালক। আহত লোকজনক চিকিৎসালয়ত ভৰ্তি।
সুৰা পান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন কঠোৰ হৈছে। যি সময়ত সুৰা পান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে তেনে সময়তে আৰক্ষীৰ গাড়ী চালকে সুৰা পান কৰি সংঘটিত কৰিলে পথ দুর্ঘটনা।
ভঙাগড় থানাৰ এজন গাড়ী চালকে দেওবাৰে নিশা সুৰা পান কৰি গাড়ী চলাই এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত কৰে। হাতীগাঁৱৰ সিজুবাৰীত ভঙাগড় থানাৰ গাড়ী চালক ৰমেজ আলীয়ে সুৰা পান কৰি গাড়ী চলাই পদপথৰ এজন দোকানীক মহতিয়াই নিয়ে।
লগতে পঢ়ক – জাঁজীমুখত নিতৌ বন্যহস্তীয়ে চলাইছে তাণ্ডৱ
দুর্ঘটনা সংঘটিত কৰি ভঙাগড় থানাৰ গাড়ী চালক ৰমেজ আলী দুর্ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলায় যদিও স্থানীয় একাংশ লোকে ৰমেজ আলীক আটক কৰে। ৰমেজ আলীয়ে মহতিয়াই নিয়া লোকজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ভৰ্তি কৰোৱা হৈছে।