গোৱালপাৰা : গোৱালপাৰাত সংঘটিত হৈছে এক অঘটন। এজন লোকে ব্ৰহ্মপুত্ৰ নদীত জাঁপ দিছে গোৱালপাৰাত। লোকজন জিলা সত্র ন্যায়াধীশৰ অস্থায়ী কৰ্মচাৰী।
ছুইছাইড নোট লিখি গোৱালপাৰা জিলা সত্র ন্যায়াধীশৰ এজন অস্থায়ী কৰ্মচাৰীয়ে আত্মহত্যা কৰিছে। ছুইছাইড নোট ব্ৰহ্মপুত্ৰৰ নদীত জাঁপ দি লোকজনে আত্মহত্যা কৰিছে। আত্মহত্যা কৰা লোকজনৰ নাম লোহিত দাস।
লগতে পঢ়ক – বৰপেটাত চি পি আই (এম) ৰ উত্তাল প্ৰতিবাদ
লোহিত দাসে ছুইছাইড নোটত আত্মহত্যাৰ কাৰণ উল্লেখ কৰিছে। ছুইছাইড নোটত গোৱালপাৰা জিলা সত্র ন্যায়াধীশ শৰ্মিলা ভূঞাই মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে লোহিত দাসে।