বিজনী : বিজনীত ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত নিহত হৈছে এজন যুৱক। নিয়ন্ত্ৰণ হেৰুৱাই এখন বাইকে খুন্দা মাৰে গছত। বাইকখনত চাৰিজন যুৱক আছিল।
চিৰাং জিলাৰ বিজনীত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুর্ঘটনাত এজন যুৱক নিহত হৈছে। বিজনীৰ ২ নং দাৰাঙ্গাত সংঘটিত হৈছে এই দুর্ঘটনা। এএছ-১৯-জে-২১৫৬ নম্বৰৰ এখন বাইক তীব্ৰ বেগেৰে আহি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গছত খুন্দা মাৰে।
লগতে পঢ়ক – ৰচিদুলে মোবাইল ফোন চুৰ কৰি বিক্ৰী কৰিছিল ৰবিন্দ্ৰক : দুয়ো আটক
বাইকখনত চাৰিজনকৈ যুৱক আছিল। নিহত যুৱকজন হৰেণ দাস বুলি চিনাক্ত কৰা হৈছে। চিকিৎসালয়ত মৃত্যুৰ মুখত পৰে হৰেণ দাস নামৰ যুৱকজন। আনহাতে অক্ষয় দাস নামৰ আন এজন যুৱক গুৰুত্বৰভাৱে আহত হৈছে এই পথ দুর্ঘটনাত।