গোলকগঞ্জ : গোলকগঞ্জত ভয়ংকৰ পথ দুর্ঘটনা। গোলকগঞ্জত এখন তীব্ৰ বেগী বাইকে খুন্দা মাৰিলে ট্ৰাকত। থিতাতে নিহত এজন। গুৰুত্বৰভাৱে আহত আন এজন।
ধুবুৰী জিলাৰ গোলকগঞ্জৰ নান্দিনীৰপাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুত্বৰভাৱে আহত হয় আন এজন লোক।
নান্দিনীৰপাৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এই দুর্ঘটনা। এএছ-১৬-ডি-৯৩৫৩ নম্বৰৰ বাইক এখন নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মৰাত এজন লোক থিততে নিহত হয়। আহত আনজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
লগতে পঢ়ক – নগাঁৱত আৰক্ষীৰ গাড়ীত খুন্দা তীব্ৰবেগী ট্ৰাকৰ
নিহত লোকজনৰ নাম তাহাজুদ্দিন আলী বুলি জানিব পৰা গৈছে আনহাতে গুৰুত্বৰভাৱে আহত লোকজনৰ নাম মতিয়ৰ ৰহমান। লোক দুজন গোলকগঞ্জৰ ছোটগুমাৰ পৰা গৌৰিপুৰলৈ গৈ আছিল।