ৰঙিয়া : ৰঙিয়া মৰাণজানাত ভয়ংকৰ পথ দুর্ঘটনা। এই পথ দুর্ঘটনাত থিতাতে নিহত হয় এজন লোক। আহত তিনিজনকৈ লোকৰ অৱস্থা সংকটজনক। আগত তিনিওজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ।
ৰঙিয়াৰ মৰাণজানাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুখন বাইকৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত এজন লোক থিতাতে নিহত হয়। বাইক দুখনৰ মাজত হোৱা সংঘর্ষত গুৰুত্বৰভাৱে আহত হৈছে তিনিজনকৈ লোক।
লগতে পঢ়ক – দৰঙত ১৪৪ ধাৰা জাৰি
নম্বৰ প্লেটবিহীন এখন বাইকে তীব্ৰ বেগেৰে আন এখন বাইকত খুন্দা মৰাত এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজে আহত লোক সকলক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত তিনিওকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।