মাণিকপুৰ : মাছ মৰাক কেন্দ্ৰ কৰি কাজিয়া। দুজন লোকৰ মাজত হোৱা কাজিয়াত এজন লোকৰ মৃত্যু। আনজন গুৰুত্বৰভাৱে আহত। আহত লোকজনক মাণিকপুৰৰ চিকিৎসালয়ত ভৰ্তি।

সোমবাৰে নিশাৰ ভাগত বঙাইগাঁও জিলাৰ মাণিকপুৰৰ অন্তৰ্গত ঝাওৰাবাৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পথাৰত মাছ মৰাক কেন্দ্ৰ কৰি দুজন লোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। পৰৱৰ্তী সময়ত এই কাজিয়া মাৰপিট ৰূপ লয়।

জানিব পৰা মতে মনোৰঞ্জন ৰায় নামৰ এজন লোক পথাৰত জালৰে মাছ মাৰি থকা অৱস্থাত দেৱব্ৰত পাটগিৰি নাম এজন লোকে বাধা দিয়ে। ইয়াকে লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু এজনে আনজনৰ ওপৰত আক্ৰমণ চলায়।

লগতে পঢ়ক –  Horoscope:আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

এই ঘটনাত দুয়োজন লোক গুৰুত্বৰভাৱে আহত হয়। স্থানীয় একাংশ লোকে দুয়োকে সংকটজনক অৱস্থাত মণিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে দেৱব্ৰত পাটগিৰিক মৃত বুলি ঘোষণা কৰে। আনহাতে মনোৰঞ্জন ৰায় সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply