গুৱাহাটী : মহানগৰীত ভয়ংকৰ পথ দুর্ঘটনা। পুৱাৰ ভাগত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হয় এজন লোক। তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়ে টাটা মেজিক বাহন। সুৰামত্ত অৱস্থাত আছিল ট্ৰাকখনৰ চালক।

শুকুৰবাৰে পুৱাৰ ভাগতে মহানগৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। মহানগৰীৰ সোণাইঘুলিত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। লখৰাৰ পৰা আহি থকা এএছ-০১-এফচি-৪৩৩৪ নম্বৰৰ এখন তীব্ৰ বেগী ট্ৰাকে এখন টাটা মেজিক বাহন মহতিয়াই নিয়াত মেজিকখনত থকা এজন যাত্ৰী থিতাতে নিহত হয়।

লগতে পঢ়ক – উচ্চতম ন্যায়ালয়ৰ ৪৯সংখ্যক মুখ্য ন্যায়াধীশ হিচাবে শপত গ্ৰহণ কৰিলে উদয় উমেশ ললিতে 

দুর্ঘটনা সংঘটিত কৰি ট্ৰাকখন পলায়ন কৰাৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে ট্ৰাকখনক জব্দ কৰিবলৈ সক্ষম হয়। ট্ৰাকখনৰ চালকজন সুৰামত্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে। দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,479 other subscribers

Leave a comment

Leave a Reply Cancel reply