গুৱাহাটী : পুৱাৰ ভাগতে গুৱাহাটীত এক পথ দুর্ঘটনা। এই পথ দুর্ঘটনাত নিহত হৈছে এজন যুৱক। হাতীগাঁৱত সংঘটিত হৈছে এই পথ দুর্ঘটনা।

সোমবাৰে পুৱাৰ ভাগতে মহানগৰী গুৱাহাটীত এক পথ দুর্ঘটনাত প্ৰাণ হেৰুৱায় এজন যুৱকে। হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুলৰ কাষত সংঘটিত হোৱা পথ দুর্ঘটনাত এজন বাইক আৰোহীয়ে প্ৰাণ হেৰুৱায়।

জাৱৰ কঢ়িওৱা এখন বাহনৰ খুন্দাত বাইক আৰোহীজন থিতাতে নিহত হয়। নিহত বাইক আৰোহীজন তীৰ্থ প্ৰতিম ডেকা বুলি চিনাক্ত কৰা হৈছে। যুৱকজন কিয়া মটৰ্চৰ কৰ্মচাৰী। গীতানগৰৰ ঘৰৰ পৰা আহি থাকোঁতে দুৰ্ঘটনাত নিহত হয় যুৱকজন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply