যোৰাবাট : যোৰাবাটত ভয়ংকৰ পথ দুৰ্ঘটনা। এজন বাইক আৰোহীক মহতিয়াই নিলে ট্ৰাকে। থিতাতে নিহত বাইক আৰোহীজন। নিহত বাইক আৰোহীজন নগাঁৱৰ আমনিৰ।
শনিবাৰে দুপৰীয়া মহানগৰীৰ যোৰাবাটত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। এই ভয়ংকৰ পথ দুর্ঘটনাত এজন লোক থিতাতে নিহত হয়। নগাঁও দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন বাইকক তীব্র বেগী ট্ৰাক এখনে মহতিয়াই নিয়ে।
লগতে পঢ়ক – মৰিগাঁৱত মন্ত্ৰী পীযুষ হাজৰীকাৰ বানত ক্ষতিগ্ৰস্তৰ পুনৰ সংস্থাপনৰ সাহায্য প্ৰদান
একে দিশৰ পৰা আহি থকা ট্ৰাকখনে বাইকখনক মহতিয়াই নিয়াত বাইক আৰোহীজন থিততে নিহত হয়। নিহত বাইক আৰোহীজন নগাঁও জিলাৰ আমনিৰ পংকজ বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে।