যোৰহাট : যোৰহাটত ভয়ংকৰ পথ দুর্ঘটনা। ট্ৰাকে এখন স্কুটী মহতিয়াই নিয়াত নিহত হয় স্কুটী চালকজন। আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে দুর্ঘটনা সংঘটিত কৰা ট্ৰাকখন।

মঙলবাৰে নিশাৰ ভাগত যোৰহাটত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। যোৰহাটৰ পানীচকুৱাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ সন্মুখত সংঘটিত এই ভয়ংকৰ পথ দুর্ঘটনাত নিহত হয় এজন লোক।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকে স্কুটী এখন মহতিয়াই নিয়ে। ফলত গুৰুত্বৰভাৱে আহত হয় স্কুটীখনৰ চালকজন। আহত লোকজনক চিকিৎসালয়লৈ নিয়া হয় যদিও লোকৰজনৰ মৃত্যু ঘটে।নিহত লোকজনৰ নাম অনিল দাস।

লগতে পঢ়ক –  মৃত্যুৰ কিছু ঘন্টাৰ পূৰ্বে কে কে পৰিৱেশন কৰিছিল ‘হম ৰহে য়া না ৰহে কল’

দুর্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুর্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰে। যোৰহাটৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক আৰু ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে সঘনাই পথ দুর্ঘটনা সংঘটিত হৈ আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,335 other subscribers

Leave a comment

Leave a Reply Cancel reply