মৰিগাঁও : মায়ংত ভয়ংকৰ পথ দুর্ঘটনা। দুর্ঘটনাটোত এজন লোক থিতাতে নিহত হয়। আহত আন দুজন লোক। আহত দুজনৰ অৱস্থা সংকটজনক।
মৰিগাঁও জিলাৰ মায়ংত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত এজন লোক থিততে নিহত হোৱাৰ লগতে আহত হৈছে দুজনকৈ লোক। আহত লোক দুজনক সংকটজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে মায়ংৰ কুছিয়ানিত এখন তীব্ৰ বেগী ছুইফট ডিজায়াৰ বাহন এখন বাইকত খুন্দা মৰাত এজন লোক থিতাতে নিহত হয়। নিহত লোকজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
লগতে পঢ়ক – পিতৃ-মাতৃহীন তুলিকা হাজৰিকাৰ সহায়ৰ বাবে আগবাঢ়ি আহিল প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস
ইফালে এই দুর্ঘটনাত দুজনকৈ লোক আহত হৈছে। আহত দুয়োজন লোকক স্থানীয় ৰাইজে উদ্ধাৰ কৰি মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। আহত দুয়োজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।