নলবাৰী : নলবাৰীত ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হয় এজন লোক। চাৰি চকীয়া বাহন এখনে মহতিয়াই নিয়ে লোকজনক।
নলবাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত থিততে নিহত হৈছে প্ৰবীন হালৈ নামৰ এজন লোক। নিহত প্ৰবীন হালৈৰ ঘৰ নলবাৰী খাটকটৰাত বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – বাইক ষ্টান্ট কৰি যুৱকে মহতিয়ালে দুই পথাচাৰীক
চাইকেলত শাক-পাচলি বিক্রি কৰি জীৱন নিৰ্বাহ কৰিছিল প্ৰবীন হালৈয়ে। অইন দিনাৰ দৰে আজিও প্ৰবীন হালৈয়ে ৰাতিপুৱা ওলাই আহিছিল। নলবাৰী কৈৰাৰাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ-০১-ডিএন-২৫৫৭ নম্বৰৰ এখন চাৰি চকীয়া বাহনে মহতিয়াই নিয়ে লোকজনক।