বাক্সা : বাক্সাত বনৰীয়া হাতীৰ তাণ্ডৱ। বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এজন লোক। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। এইবাৰ বাক্সা জিলাত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ ফলত নিহত হৈছে এজন লোক।

বাক্সা জিলাৰ পশ্চিম ভূটানখুঁটিত সংঘটিত হৈছে এই ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত নাৰায়ণ দৰ্জী নামৰ এজন লোকৰ মৃত্যু হৈছে।

ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে বন বিভাগৰ লোক। বিগত কিছুদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই আহিছে বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply