বকো : বকোত ভয়ংকৰ ঘটনা। বকোত যাত্ৰীবাহী বাছৰ পৰা পৰি এজন লোকৰ কৰুণ মৃত্যু। ঘটনাস্থলীৰ পৰা পলায়ন যাত্ৰীবাহী বাছখনৰ। ধূপধাৰাত আৰক্ষীয়ে আটক কৰে যাত্ৰীবাহী বাছখন।

শনিবাৰে পুৱাৰ ভাগত কামৰূপ জিলাৰ বকোত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। বকোত যাত্ৰীবাহী এখন চলন্ত বাছৰ পৰা এজন লোক পৰি নিহত হয়। বকোৰ জে এন মহাবিদ্যালয়ৰ সন্মুখত এই ঘটনা সংঘটিত হয়।

নিহত লোকজন জিতু ৰাভা বুলি চিনাক্ত কৰা হৈছে। লোকজন যাত্ৰীবাহী বাছৰ পৰা পৰি যোৱাৰ পিছতে ৰাইজে লোকজনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে।

লগতে পঢ়ক –  জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ দেহাৱসান

ঘটনাৰ পিছতে যাত্ৰীবাহী বাছখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত ধূপধাৰাত আৰক্ষীয়ে যাত্ৰীবাহী বাছখন জব্দ কৰে। জিতু ৰাভা নামৰ লোকজন যাত্ৰীবাহী বাছৰ পৰে কেনেকৈ পৰিল এই সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,395 other subscribers

Leave a comment

Leave a Reply Cancel reply