গুৱাহাটী : মহানগৰী গুৱাহাটীত ভয়ংকৰ দুর্ঘটনা। ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত হৈছে এজন যুৱক। নিহত যুৱকজনৰ হাজংবাৰী গাঁৱৰ বুলি জানিব পৰা গৈছে।
শনিবাৰে পুৱাৰ ভাগত এক ভয়ংকৰ দুর্ঘটনাত এজন যুৱক নিহত হয়। ৰাজধানী এক্সপ্ৰেছে মহতিয়াই নিয়াত এজন যুৱক মৃত্যুৰ মুখত পৰে। চন্দ্ৰপুৰত সংঘটিত হয় এই ঘটনা।
ৰাজধানী এক্সপ্ৰেছে যুৱকজনক প্ৰায় ৬ কিলোমিটাৰ মহতিয়াই নিয়ে। চন্দ্ৰপুৰৰ ঠাকুৰকুচি ৰে’ল ষ্টেচনৰ পৰা ৰাজধানী এক্সপ্ৰেছে যুৱকজনক পানীখাইতি ৰে’ল ষ্টেচনলৈ মহতিয়াই নিয়ে।
লগতে পঢ়ক – গুৱাহাটী মহানগৰীক শীঘ্ৰে পলাশবাৰী আৰু জাগীৰোডলৈ সম্প্ৰসাৰণ কৰা হ’ব:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
পানীখাইতি ৰে’ল ষ্টেচনত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। নিহত যুৱকজন হাজংবাৰী গাঁৱৰ বুলি জানিব পৰা গৈছে যদিও যুৱকজনৰ নাম বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।