বোকাজান : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। পুনৰ ড্ৰাগছসহ আৰক্ষীৰ জালত জালত ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছসহ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ মাজতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী। পুনৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী পৰিছে আৰক্ষীৰ জালত।

বোকাজানত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিছে এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী। বোকাজান ৰে’ল আৰক্ষীয়ে লাভ কৰিছে এই সাফল্য। উজনিমুৱা পেচেঞ্জৰ ৰে’লত অভিযান চলাই বোকাজান ৰে’ল আৰক্ষীয়ে মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

লগতে পঢ়ক –  গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে ২০১৯ চনৰ এমচিচি উলংঘন বনাম হিমন্ত আৰু ৰিণিকি ভূঞাৰ গোচৰ

হেমা দেৱী ছেত্ৰী নামৰ এগৰাকী মহিলাক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে ৰে’ল আৰক্ষীয়ে। মহিলা গৰাকীৰ কবলৰ পৰা ৰে’ল আৰক্ষীয়ে প্ৰায় ১ কোটি টকা মূল্যৰ হে’ৰইন উদ্ধাৰ কৰিছে। মহিলা গৰাকী তিনিচুকীয়া বাসিন্দা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply