বোকাখাত : বোকাখাতত সংঘটিত হৈছে এক কৰুণ ঘটনা। বোকাখাতত পুখুৰীত পৰি মৃত্যু হৈছে এগৰাকী মহিলাৰ। পানী তুলিবলৈ গৈছিল মহিলা গৰাকী।
বোকাখাতৰ ৰজাবাৰীত এগৰাকী মহিলাৰ কৰুণ মৃত্যু। পুখুৰীত পানী তুলিবলৈ যাওঁতে এগৰাকী মহিলাৰ পুখুৰীত পৰি মৃত্যু ঘটে। নিহত মহিলা গৰাকীৰ নাম লাৱন্য শইকীয়া বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – শিশু অপহৰণকাৰী তিনি অপৰাধীক ৬ বছৰৰ কাৰাদণ্ড
পানী তুলিবলৈ যাওঁতে ৫৮ বছৰীয়া লাৱন্য শইকীয়া পিছলি পুখুৰীত পৰে। ফলত মহিলা গৰাকীৰ কৰুণ মৃত্যু ঘটে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰে।