নলবাৰী : নলবাৰীৰ সাহপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক দুর্ঘটনাত মাতৃৰ থিতাতে মৃত্যু। পুত্ৰ গুৰুত্বৰভাৱে আহত। চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে পুত্ৰ। এই ঘটনাই শোকৰ ছাঁ পেলাইছে নলবাৰীৰ সাহপুৰত।

নলবাৰীৰ সাহপুৰত এখন নতুন বাইক ভয়ংকৰ পথ দুর্ঘটনাত পতিত হয়। নতুন বাইক কিনি মাতৃ আৰু পুত্ৰ ঘৰলৈ উভতি থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰে বাইকখন। ফলত থিতাতে নিহত হয় মাতৃ আৰু গুৰুত্বৰভাৱে আহত হয় পুত্ৰ।

লগতে পঢ়ক – Horoscope : আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

থিতাতে নিহত হোৱা মাতৃ গৰাকীৰ নাম দীপিকা কলিতা আৰু গুৰুত্বৰভাৱে আহত হোৱা পুত্ৰৰ নাম কংকন কলিতা। আহত কংকন কলিতাক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাই শোকৰ ছাঁ পেলাইছে নলবাৰীৰ সাহপুৰ অঞ্চলত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply