নগাঁও : বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী মহিলা নিহত। নিশা বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা এটা বনৰীয়া হাতীৰ বৃহৎ যাকে আক্ৰমণ কৰে মহিলা গৰাকীক। বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত এজন যুৱকো আহত হৈছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। ইতিমধ্যে এই সংঘাতৰ ফলত কেইবাজনো লোক নিহত হৈছে। বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ ফলত মৃত্যু মুখত পৰিছে বহু বনৰীয়া হাতী। এইবাৰ নগাঁও জিলাত সংঘটিত হৈছে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত।
সোমবাৰে নিশাৰ ভাগত নগাঁও জিলাৰ দক্ষিণ জ্বৰ বাগানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাকে তাণ্ডৱ চলায়। বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত হয় এজন যুৱক। নিহত মহিলা গৰাকীৰ নাম আছুলতা মল্লিক।
লগতে পঢ়ক – নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন:২ নং টাৰ্নেলত পাহাৰৰ পৰা মাটি খহি নিহত এজন,আহত দুজন
আনহাতে বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত আহত হোৱা যুৱকজনৰ নাম স্বপন মল্লিক বুলি জানিব পৰা গৈছে। বনৰীয়া হাতীৰ জাকটোৱে নিহত মহিলা গৰাকীৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে।