লখিমপুৰ : এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাত কেন্দ্ৰ কৰি লখিমপুৰত তীব্ৰ চাঞ্চল্য। লখিমপুৰৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ ডিক্ৰং নদীৰ দলঙৰ সমীপত এগৰাকী মহিলা মৃতদেহ উদ্ধাৰ হৈছে। অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হয় মহিলা গৰাকীৰ মৃতদেহ।
বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ অৰ্ধ উলংগ মৃতদেহ। ডিক্ৰং নদীৰ দলঙৰ সমীপত এগৰাকী মহিলাৰ অৰ্ধ উলংগ মৃতদেহটো পুৱাৰ ভাগত একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে।
লগতে পঢ়ক – বৰ্তমানলৈকে ৰাজ্যত ধুমুহা-বৰষুণৰ ফলত নিহত হৈছে ৮ গৰাকী লোক
স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলী আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে যে মহিলা গৰাকীক ধর্ষণ কৰি হত্যা কৰা হৈছে। বর্তমানলৈকে মহিলা গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই।