গোলাঘাট : বিশ্ব পৰিবেশ দিৱস উপলক্ষে দেওবাৰে অসমৰ এখন গাঁৱৰ ৰাইজে এক লাখ গছপুলি ৰোপণ কৰে। অহা পাঁচ বছৰত গাঁওখনৰ ৰাইজে ১৫ লাখৰো অধিক গছপুলি ৰোপণ কৰাৰ লক্ষ্য হাতত লৈছে।
বিশ্ব পৰিবেশ দিৱস উপলক্ষে দেওবাৰে গোলাঘাট জিলাৰ ধনশিৰি গাঁৱৰ ৰাইজে এক লাখ গছপুলি ৰোপণ কৰে। পৰিৱেশ পৰিষ্কাৰ আৰু সেউজীয়া কৰি ৰখাৰ উদ্দেশ্যে গাঁওবাসীয়ে বিশ্ব পৰিৱেশ দিৱসৰ দিনা এই কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰায় ৪০ হেক্টৰ ভূমিত এদিনৰ ভিতৰতে গছপুলি ৰোপণ কৰে গাঁওখনৰ ৰাইজে। এই বৃহৎ কাৰ্যত বন বিভাগৰ লগতে জিলা প্ৰশাসনে গাঁওখনৰ ৰাইজক সহায় কৰে। অঞ্চলটোৰ খৰাংসদৃশ পৰিস্থিতিৰ বাবে ধনশিৰিৰ গাঁওবাসীয়ে পাঁচ বছৰৰ ভিতৰত কমেও ১৫ লাখ গছপুলি ৰোপণ কৰাৰ লক্ষ্য হাতত লৈছে।
লগতে পঢ়ক – সোণাৰিত বিশ্ব পৰিৱেশ দিৱস পালন
গাওঁখনৰ বহু লোকে নিজৰ কৃষিভূমি বনাঞ্চল সৃষ্টিৰ বাবে দিছে। ৰোপণ কৰা প্ৰতিটো গছপুলিৰ সঠিক যত্ন লোৱাটো নিশ্চিত কৰিব গাঁওবাসীয়ে।পৰিৱেশৰ অৱক্ষয় আৰু পৰিৱেশ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।