গুৱাহাটী : মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। মহানগৰ আৰক্ষীয়ে জব্দ কৰিলে ১ লাখ নিচাযুক্ত য়াবা টেবলেট। আটক চাৰিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। এখন ডাম্পাৰৰ পৰা জব্দ কৰে টেবলেটখিনি।

গুৱাহাটী মহানগৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত এক অভিযান চলাই ১ লাখ নিচাযুক্ত য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে। মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই সাফল্য লাভ কৰে। মণিপুৰ আৰু বিহাৰৰ চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে।

লগতে পঢ়ক –   চাকৰি: তেজপুৰ AFS-ৰ ২ নং কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষকৰ পদ খালী

ড্ৰাগছ সৰবৰাহকাৰী চাৰিজন ক্ৰমে মণিপুৰৰ মহম্মদ আবৈ, মহম্মদ ইছলাম উদ্দিন, মহম্মদ চাকিব আৰু বিহাৰৰ আব্বাছ আলী। ড্ৰাগছ সৰবৰাহকাৰী চাৰিজন আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ীৰ সদস্য বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply