গুৱাহাটী : পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ মৃতদেহ। শনিবাৰৰ দিনটোত দ্বিতীয়টো মৃতদেহ উদ্ধাৰ গুৱাহাটীত। এইবাৰ এইবাৰ মহানগৰীৰ ভেটাপাৰাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ।
শনিবাৰে পুৱাৰ ভাগত গুৱাহাটী মহানগৰীৰ গণেশগুৰি বাছ ষ্টেণ্ডত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ভেটাপাৰাত উদ্ধাৰ হৈছ এজন যুৱকৰ মৃতদেহ। ভৰি বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ।
মৃতদেহ উদ্ধাৰ হোৱা যুৱকজনৰ নাম মিথুন দাস বুলি জানিব পৰা গৈছে। ভেটাপাৰাৰ কনকলতা পথত এটা নিৰ্মাণ কাৰ্য চলি থকা বিল্ডিঙত উদ্ধাৰ হৈছে মিথুন দাস নামৰ যুৱকজনৰ মৃতদেহ।
লগতে পঢ়ক – বিশ্ব পৰিৱেশ দিৱসঃ ছয়গাঁও মহাবিদ্যালয়ত পৰিৱেশ সম্পৰ্কীয় চুটি নাট প্ৰদৰ্শন
যুৱকজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে ঘটনাস্থলীত বশিষ্ঠ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।