গুৱাহাটী : উৎকোচ লৈ আৰু এজন চৰকাৰী বিষয়া ৰঙা ঘৰৰ আলহী। দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰিলে এজন চৰকাৰী বিষয়াক। উৎকোচ লৈ দেবাশিষ দাস নামৰ এজন কনিষ্ঠ অভিযন্তা গ্ৰেপ্তাৰ।
দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই পুনৰ এজন চৰকাৰী বিষয়াক উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰে। পৌৰ প্ৰশাসনিক কাৰ্যালয়ত কৰ্মৰত কনিষ্ঠ অভিযন্তা দেবাশিষ দাসক দিচপুৰস্থিত কাৰ্যালয়ৰ পৰা।উৎকোচ লোৱাৰ অপৰাধৰ গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।
লগতে পঢ়ক – তিনিচুকীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই মহিলা
৪০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হয় কনিষ্ঠ অভিযন্তা গৰাকী। তেজপুৰৰ কৃতিকমল তামুলী নামৰ এজন ঠিকাদাৰৰ পৰা ৪০ হাজাৰ টকা উৎকোচ লৈছিল পৌৰ প্ৰশাসনিক কাৰ্যালয়ত কৰ্মৰত কনিষ্ঠ অভিযন্তা দেবাশিষ দাসে।