গুৱাহাটী : উৎকোচ লৈ থকা অৱস্থাত ধৰা পৰিল চৰকাৰী কৰ্মচাৰী। আৰু এজন চৰকাৰী কৰ্মচাৰী উৎকোচ লৈ আলহী হ’বলগীয়া হ’ল ৰঙা ঘৰৰ। ১০ হাজাৰ টকা উৎকোচ লৈ থকা সময়ত ধৰা পৰে চৰকাৰী কৰ্মচাৰীজন।

বুধবাৰে কাছাৰ জিলাৰ ট্ৰেজাৰী বিষয়াৰ কাৰ্যালয়ৰ জ্যেষ্ঠ একাউণ্ট সহায়ক মদন মোহন সিং হাতে লোটে উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ হয়। সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী কোষ সঞ্চালকালয়ে আটক কৰে মদন মোহন সিংক।

লগতে পঢ়ক – আই আৰু মানাহ নৈৰ জলপৃষ্ঠ ভয়াবহভাৱে বৃদ্ধি পাইছে

এজন অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ পৰা উৎকোচ দাবী কৰিছিল। অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীজনৰ অভিযোগত সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী কোষ সঞ্চালকালয়ে অভিযান চলাই ১০ হাজাৰ টকা লৈ থকা অৱস্থাত আটক কৰে মদন মোহন সিংক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply