নগাঁও : বান বিভীষিকাৰ মাজতে প্ৰাণ হেৰুৱালে আন এগৰাকী আৰক্ষীয়ে। নগাঁও জিলাৰ কচুৱা থানাৰ আন এগৰাকী আৰক্ষীৰ কৰুণ মৃত্যু। অঞ্চলজুৰি শোকৰ ছাঁ।
বানৰ বিভীষিকাৰ মাজতে দুদিন পূৰ্বে কামপুৰৰ দুগৰাকী আৰক্ষীৰ লোক বানৰ কবলত পৰি প্ৰাণ হেৰুৱাইছিল। পুনৰ কচুৱা আৰক্ষী থানাৰ এজন কনিষ্টবলে প্ৰাণ হেৰুৱালে। কনিষ্টবলজনৰ নাম কাতিৰাম টেৰন।
লগতে পঢ়ক – প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ তীব্র কটাক্ষ মুখ্যমন্ত্ৰীক
মঙলবাৰে নিশাৰ ভাগত থানা চৌহদত কাতিৰাম টেৰন নামৰ কনিষ্টবলজনে মৃত্যুক সাৱতি লয়। নিশা হৃদক্ৰিয়া বন্ধ হৈ কনিষ্টবলজনৰ মৃত্যু ঘটে। বুধবাৰে নগাঁও পুলিচ ৰিজাৰ্ভত মৃত কনিষ্টবলজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।