নগাঁও : দুৰ্নীতিৰ অভিযোগত পুনৰ এজন আৰক্ষী বিষয়া গ্ৰেপ্তাৰ। পুনৰ এজন উপ-পৰিদৰ্শক গ্ৰেপ্তাৰ দুৰ্নীতিৰ অভিযোগত। নগাঁও জিলাৰ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাইদৰ হুছেইন গ্ৰেপ্তাৰ।

দুৰ্নীতিৰ অভিযোগত নগাঁও জিলাৰ কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাইদৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে ৰূপহীহাট আৰক্ষীয়ে। মঙলবাৰে নিশাৰ ভাগত ৰূপহীহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়াজনক।

লগতে পঢ়ক –   মহাৰাষ্ট্ৰ বিধানসভাত বৃহস্পতিবাৰে আস্থা ভোটৰ সন্মুখীন হ’ব উদ্ধৱ থাকৰে

কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাইদৰ হুছেইনৰ বিৰূদ্ধে বাবুল আলী নামৰ এজন লোকে উৎকোচ বিচৰাৰ অভিযোগ দাখিল কৰিছিল। মাটি-বাৰীৰ এক গোচৰৰ সন্দৰ্ভত আৰক্ষী বিষয়কজনে বাবুল আলীৰ পৰা উৎকোচ দাবী কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply