দেৰগাঁও : বৃহস্পতিবাৰৰ দিনটো ৰাজ্য কঁপাই গৈছে এটাৰ পিছত আনটো ধর্ষণকাণ্ডৰ ঘটনাই। দুটাকৈ ধৰ্ষণকাণ্ড সংঘটিত হৈছে মহানগৰী গুৱাহাটীত। পুনৰ এটা ধর্ষণকাণ্ড সংঘটিত হৈছে দেৰগাঁৱত।
দেৰগাঁৱত এজন ৫০ বছৰীয়া লম্পটৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা। দেৰগাৱঁৰ নাহৰণিৰ মাজগাঁৱত বাবুল আলী খান নামৰ এজন লোকৰ বিৰুদ্ধে এগৰাকী নাবালিকাক ধর্ষণ কৰাৰ অভিযোগ উথাপিত হৈছে।
লম্পটজনে বিভিন্ন প্ৰলোভন দি নাবালিকা গৰাকীক ধর্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত নাবালিকা গৰাকীয়ে পৰিয়ালৰ লোকক জানিবলৈ দিয়াত পৰিয়ালৰ লোকে লম্পটজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।
লগতে পঢ়ক – বিজেপিয়ে ৰাইজৰ গুৰুত্বপূৰ্ণ সমস্যাক অৱহেলা কৰি প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিছে: দেৱব্ৰত শইকীয়া
নাবালিকা গৰাকীক পৰিয়ালৰ এজাহৰৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে লম্পট বাবুল আলী খানক গ্ৰেপ্তাৰ কৰিছে। এই জঘন্য ধৰ্ষণকাণ্ডই সমগ্ৰ দেৰগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।