টংলা : আলফাৰ সমৰ্থনত ফেচবুক পোষ্ট দি আৰু এজন গ্ৰেপ্তাৰ। পুনৰ এজন কলেজীয়া ছাত্ৰ গ্ৰেপ্তাৰ হৈছে আলফাৰ সমৰ্থনত ফেচবুক পোষ্ট দি। টংলা কলেজৰ চতুৰ্থ ষান্নাসিক’ৰ এজন ছাত্র গ্ৰেপ্তাৰ হৈছে নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ সমৰ্থনত ফেচবুক পোষ্ট দি।
বিতৰ্কিত কবিতাৰ বাবে বর্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ এগৰাকী ছাত্ৰী বিগত দুমাহ ধৰি কাৰাগাৰত বন্দী হৈ আছে। আনকি বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ ছাত্ৰী গৰাকী কাৰাগাৰতে পৰীক্ষাত বহিব লগীয়া হৈছে। বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।
বর্ষাশ্ৰী বুঢ়াগোহাঁইৰ বিতৰ্কৰ মাজতে পুনৰ এজন ছাত্ৰ গ্ৰেপ্তাৰ হৈছে। নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ সমৰ্থনত ফেচবুক পোষ্ট দি গ্ৰেপ্তাৰ হৈছে টংলা কলেজৰ চতুৰ্থ ষান্নাসিক’ৰ এজন ছাত্র। টংলা কলেজৰ ছাত্ৰজন হৈছে বৰঙাবাৰীৰ প্ৰমোদ কলিতা।
লগতে পঢ়ক – ৰাজ্যৰ প্ৰতিখন পাহাৰ আৰু বনাঞ্চলত থাকিব লাগিব ড্ৰোনৰ নজৰ : মুখ্যমন্ত্ৰী
কিছুদিন পূৰ্বে ছাত্ৰজনে নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ সমৰ্থনত এটা ফেচবুক পোষ্ট দিছিল। ইয়াৰ পিছতে দেওবাৰে কলাইগাঁও আৰক্ষীয়ে ছাত্রজনক গ্ৰেপ্তাৰ কৰে। কলাইগাঁও আৰক্ষীয়ে ছাত্ৰজনক গ্ৰেপ্তাৰ কৰি ওদালগুৰি জেললৈ প্ৰেৰণ কৰিছে।