নিউজ ডেস্ক: নকল সোণৰ মূল মাফিয়া আজগৰ আলীৰ আত্মসমৰ্পণ। লখিমপুৰ সদৰ থানাত বুধবাৰে আত্মসমৰ্পণ কৰে আজগৰ আলীয়ে। নকল সোণৰ সৈতে ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আত্মসমৰ্পণ কৰে আজগৰ আলীয়ে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, আৰক্ষীয়ে কোৱা বাবে তেওঁ আত্মসমৰ্পণ কৰিছে।

উল্লেখ্য যে, অভিযান চলাই এছ আই জোনমণি ৰাভাই আটক কৰিছিল আজগৰ আলীক। পৰৱৰ্তী সময়ত আজগৰ আলীৰ মাতৃয়ে জোনমণি ৰাভাৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।

তাৰ কিছুদিন পিছতে এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুয়ে তোলপাৰ লগাই ৰাজ্য। পোহৰলৈ আহে নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত একাংশৰ লগতে বহু শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াও। উল্লেখ্য যে, মঙলবাৰেও বঙালমাৰা আৰক্ষী থানাত নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত একাংশই আত্মসমৰ্পন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply