গুৱাহাটী : আমি মানৱ জাতি, পৃথিৱীৰ অন্য সকলো জীৱ-জন্তুতকৈ আমি শ্ৰেষ্ঠ। আমি শ্ৰেষ্ঠ গতিকে আমাৰ কান্ধত আছে পৃথিৱীৰ অন্য জীৱ-জন্তু সমূহক সংৰক্ষণ তথা ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব। কিন্ত আমি কৰিছোঁ কি ? আমি এই পৃথিৱীখনক কেৱল নিজৰ বাবেই ব্যৱহাৰ কৰিছোঁ, যেন এই পৃথিৱীত কেৱল মাত্ৰ আমাৰে অধিকাৰ আছে। অন্য জীৱ-জন্তুৰ অধিকাৰ নাই পৃথিৱীৰ ওপৰত, অধিকাৰ নাই জীয়াই থকাৰ। যুগ যুগ ধৰি এইয়াই চলি আহিছে আৰু পৃথিৱী থকালৈকে এইয়াই চলি যাব।

বনাঞ্চল সংৰক্ষণ, জলাশয় সংৰক্ষণ, পৰিৱেশ সংৰক্ষণ জীৱ-জন্তু সংৰক্ষণ, আদি ডাঙৰ ডাঙৰ উদ্দেশ্যে আগত ৰাখি আমি কিছুমান কাম কৰি আমি নিজকে শ্ৰেষ্ঠ বুলি দেখুৱাবলৈ চেষ্টা কৰো যদিও মানৱ জাতিৰ সন্মুখত যেতিয়াই নিজৰ স্বাৰ্থৰ কথা আহি পৰে তেতিয়াই আমি সকলো পাহৰি পেলাওঁ। আমি মাত্ৰ এটাই কথা বুজি পাওঁ সেইয়া হৈছে নিজৰ সুবিধাৰ বাবে যদি পাহাৰ কাটিব লাগে কাটিম, যদি গছ কাটিব লাগে কাটিম, যদি বন্য প্ৰাণীৰ বাসস্থান ধ্বংস কৰিব লাগে কৰিম।

সকলো সময়তে আমি মানৱ জাতিয়ে নিজৰ সুবিধাক প্ৰাধান্য দিওঁ। আমি যিমানেই নিজকে প্রকৃতি প্ৰেমী আৰু বন্যপ্ৰাণী প্ৰেমী বুলি দাবী নকৰো কিয় নিজৰ সুবিধাৰ বাবে আমি সকলো জলানজ্বলি দিব পাৰো। শেহতীয়াকৈ ইয়াৰ কেইবাটাও জ্বলন্ত উদাহৰণ দেখিবলৈ পোৱা গৈছিল এইখন গুৱাহাটী মহানগৰীতে। উৰণীয়া সেঁতু নিৰ্মাণৰ নামত জু ৰোডত কাটি পেলোৱা হৈছিল বহু কেইটা গছ, ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ বাবেও কটা হৈছে শ শ গছ।

জু ৰোডৰ উৰণীয়া সেঁতু নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ নামত গছ কটাৰ বিৰোধীতাও কৰিছিল প্ৰকৃতি প্ৰেমী সংগঠন সমূহে, কিন্তু চৰকাৰৰ সিদ্ধান্তৰ জয় হৈছিল আৰু কাটি পেলোৱা হৈছিল বহু গছ। পুনৰ পথ নিৰ্মাণৰ নামত গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এইবাৰ কিন্তু পথৰ কাষত থকা গছ নহয়, এইবাৰ বনাঞ্চল ধ্বংসৰ পৰিকল্পনা হাতত লোৱা হৈছে। এই বনাঞ্চলখন ধ্বংস কৰা মানেই হ’ল ১৩ টাকৈ লুপ্তপ্ৰায় হলৌ বান্দৰৰ পৰিয়াল গৃহহীন হৈ পৰা।

এফালে বন সংৰক্ষণৰ কথা, আনফালে উন্নয়নৰ নামত বাৰে বাৰে কটা হয় গছ। এইবাৰ পথ নিৰ্মাণৰ নামত কটা হ’ব প্ৰায় এহাজাৰ জোপা মূল্যৱান গছ। এই এহাজাৰ জোপা গছ কটাৰ লগে লগে ম্লান পৰিব চানডুবিৰ সৌন্দৰ্য্য। পথ নিৰ্মাণৰ বিকল্প ব্যৱস্থা থকা স্বত্বেও গছ কাটি পথ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

মহানগৰীৰ গুৱাহাটীৰ পৰা প্ৰায় ৬০ কিমি নিলগত দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তৰ প্ৰকৃতিক সৌন্দৰ্য্যৰে ভৰি আছে চানডুবি। চানডুবিলৈ যাত্ৰা কৰা পথৰ দুয়োকাষৰ সেউজীয়াৰ নান্দনিক দৃশ্যই সকলোকে আকৰ্ষিত কৰে। কিন্ত এই প্ৰকৃতিক সৌন্দৰ্য্য ধ্বংস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চানডুবিলৈ যোৱা পথৰ কাষৰ গছ কটা হ’ব। পুৰণি পথটি নতুনকৈ নিৰ্মাণ কৰাৰ বিকল্প ব্যৱস্থা থকাৰ পিছতো সেউজ বননিৰ বক্ষ ফালি নতুনকৈ পথ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অঞ্চলটোত ইতিমধ্যে এটা সৰু পকী পথ আছে যদিও চৰকাৰে সেই পথটোৰ সলনি অন্য দিশেৰে পথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে। ইতিমধ্যে হৈ যোৱা জৰীপ অনুসৰি প্ৰায় ১০০০ জোপা কটা হ’ব। গছ কটাৰ সিদ্ধান্ত জাঙুৰ খাই উঠিছে সচেতন ৰাইজ আৰু দল-সংগঠন সমূহ। ইতিমধ্যে চানডুবি অঞ্চলৰ ৰাইজে বিভিন্ন চৰকাৰী পক্ষৰ ওচৰত গছ কটাৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে আবেদন কৰিছে। চানডুবি অঞ্চলৰ ৰাইজে মুদুকীত ৰাজহুৱা সভাও অনুষ্ঠিত কৰি গছ কটাৰ বিৰুদ্ধে সংগ্রাম চলাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে পঢ়ক – বুধবাৰে ৰাজ্যত ৭৯৭ জন লোক ক’ভিডত আক্ৰান্ত; এজনৰ মৃত্যু

অঞ্চলটোৰ ৰাইজে হাতে হাতে বেনাৰ, পোষ্টাৰ প্লেকাৰ্ড লৈ ওলাই আহি নতুনকৈ অন্য দিশেৰে নিৰ্মাণ হ’বলগীয়া পথৰ বিৰোধিতা কৰিছে। ৰাইজৰ দাবী পুৰণি পথটোকে বহলাই নিৰ্মাণ কৰক। উন্নয়ণ সকলোৱে বিচাৰিছে কিন্তু গছ কাটি উন্নয়ন নালাগে বুলি অঞ্চলটোৰ ৰাইজে জানিব দিয়ে। গছ কটাৰ ফলত কেৱল অঞ্চলটোৰ সৌন্দৰ্য্যই নহয় ম্লান পৰিব তেনে নহয় ইয়াত থকা চৰাই চিৰিকটি, বন্যপ্ৰাণী, হাতী, বান্দৰ আৰু হলৌ বান্দৰৰ বাসস্থান নাইকিয়া হ’ব। বিশেষকৈ ১৩ টাকৈ হলৌ বান্দৰৰ পৰিয়ালক লৈ চিন্তিত হৈ পৰিছে অঞ্চটোৰ ৰাইজ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply