গুৱাহাটী : মহানগৰী গুৱাহাটীৰ যোৰাবাটত সংঘটিত হৈছে ভয়ংকৰ পথ দুর্ঘটনা। এখন ম’হ ভৰ্তি বাগৰি পৰে ৰাজপথত। দুর্ঘটনাত ট্ৰাকখনৰ চালক গুৰুত্বৰভাৱে আহত হয়। দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত।
শনিবাৰে পুৱাৰ ভাগত মহানগৰীৰ যোৰাবাটত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। ম’হ ভৰ্তি ট্ৰাক এখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰাত ট্ৰাকখনৰ চালকজন গুৰুত্বৰভাৱে আহত হয়।
লগতে পঢ়ক – হালোৱাটিঙৰ বৰচিলা চাহ বাগিচাত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
দুর্ঘটনাত কেইবাটাও ম’হ আঘাতপ্ৰাপ্ত হোৱা বুলিও জানিব পৰা গৈছে। দুর্ঘটনাৰ খবৰ পাই যোৰাবাট যান বাহন আৰক্ষীৰ দল দুর্ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখনৰ চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।