মানকাচৰ : মানকাচৰৰ কঠালবাৰীত গৃহৰক্ষীৰ জোৱানৰ তৎপৰতাত গাড়ীসহ বৃহৎ পৰিমাণৰ নিচাযুক্ত কফ চিৰাপ জব্দ। দেওবাৰে বিয়লি প্ৰায় ৫ বজাত মানকাচৰৰ কঠালবাৰীত গৃহৰক্ষী জোৱান এজনৰ তৎপৰতাত আৰক্ষীয়ে এখন গাড়ীসহ বৃহৎ পৰিমাণৰ নিচাযুক্ত কফ চিৰাপ জব্দ কৰে।
উল্লেখযোগ্য যে মানকাচৰ থানাৰ প্ৰাক্তন গৃহৰক্ষী জোৱান মাণিক লাল বাদশ্বাহ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত বজাৰ কৰিবলৈ আহি এখন গাড়ী দেখি জোৱানজনৰ সন্দেহ হয়। বজাৰৰ পথৰ ওপৰত যথেষ্ট সংখ্যক ভীৰ থকাৰ পাছতো এএছ-১৭-চি-০৮১৪ নম্বৰৰ টাটা মেজিক গাড়ীখন দ্ৰুত গতিত পথৰ পৰা আঁতৰি যায়।
গাড়ীখনৰ গতিবেগ দেখি গৃহৰক্ষী জোৱানজনে নিজৰ মটৰ চাইকেল লৈ প্ৰায় ৪ কিলোমিটাৰ খেদি গৈ অৱশেষত কঠালবাৰীত গাড়ীখন ধৰিবলৈ সক্ষম হয়। গাড়ীখনৰ চালকসহ আন এজন ড্ৰাগছ সৰবৰাহকাৰী গাড়ীখনৰ পৰা পলায়ন কৰে। গৃহৰক্ষী জোৱানজনে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে।
লগতে পঢ়ক – মঙলদৈত আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী
আৰক্ষী বিষয়া দ্বীপালী বৰুৱা চিআৰপিএফ বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখন জব্দ কৰে। আৰক্ষীয়ে গাড়ীখনৰ পৰা পাঁচ বস্তা নিচাযুক্ত কফ চিৰাপ জব্দ কৰে। জানিব পৰা মতে চুবুৰীয়া ৰাজ্য পশ্চিম বংগ আৰু মণিৰপুৰৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীয়ে এইদৰে নিচাযুক্ত সামগ্ৰী আনি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সৰবৰাহ কৰে।