গুৱাহাটী : গুৱাহাটীৰ সমীপৰ্বতী ৰাণীত শোকাবহ ঘটনা। ৰাণীত চাহ বাহিচাৰ দ খাৱৈত পৰি হাতীৰ পোৱালিৰ মৃত্যু। নিশা খাদ্যৰ সন্ধানত জাকৰ সৈতে ওলাই আহিছিল হাতীৰ পোৱালিটো।
ৰাণী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল বনৰীয়া হাতীৰ এটা জাক। হাতীৰ জাকটোৰ এটি এমহীয়া পোৱালিৰ মৃতদেহ উদ্ধাৰ হৈছে ৰাণীত। ৰাণী চাহ বাগিচাত থকা দ খাৱৈত উদ্ধাৰ হৈছে হাতীৰ পোৱালিটোৰ মৃতদেহ।
বাগিচাটোৰ চাহ শ্ৰমিকে পুৱাৰ ভাগত দ খাৱৈত পৰি মৃত্যু হোৱা হাতীৰ পোৱালিটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে। বন বিভাগৰ লোকে পোৱালি হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰিছে।
লগতে পঢ়ক – দুটা ফৈদৰ মাজত মাৰপিট : ৩ জন নিহত, ২২ জন আহত
কিছু দিন পূৰ্বেও এটা হাতীৰ পোৱালি দ খাৱৈত পৰিছিল। স্থানীয় ৰাইজে পোৱালিটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। অঞ্চলটোৰ সঘনাই বনৰীয়া হাতীৰ জাক খাদ্যৰ সন্ধানত ওলাই আহে।