গুৱাহাটী : ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত উদ্ধাৰ যুৱকৰ মৃতদেহ। নলবাৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত স্কুটীসহ উদ্ধাৰ যুৱকৰ মৃতদেহ। পথ দুর্ঘটনাত পতিত হৈ যুৱকজনৰ মৃত্যুৰ সন্দেহ।
নলবাৰী জিলাৰ বলাকুছিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। যুৱকজনৰ মৃতদেহৰ কাষতে এএছ-১৫-এল-৬৬৬৭ নম্বৰৰ এখন স্কুটীও উদ্ধাৰ হৈছে।
লগতে পঢ়ক – ওপজা গাওঁ গোলোং টেমেৰাত উন্মোচন হ’ল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ কমলা মিৰিৰ পূৰ্ণাংগ প্ৰতিমূৰ্ত্তি
পুৱাৰ ভাগত কেইজনমান স্থানীয় লোকে যুৱকজনৰ মৃতদেহ পথৰ কাষত পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলী আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰিল বাবে প্ৰেৰণ কৰে।