গুৱাহাটী : মহানগৰীৰ পানীখাইতিত সংঘটিত হৈছে অঘটন। পানীখাইতিত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈছে এজন যুৱক। ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীত সন্ধানহীন হোৱা যুৱকজনৰ নাম চন্দ্ৰ নমসুদ্ৰ বুলি জানিব পৰা গৈছে।

ৰাজ্যত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। নেৰা নেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বৃদ্ধি পাইছে মহাবহু ব্ৰহ্মপুত্ৰৰ লগতে সৰু-বৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ। বাঢ়নী পানীত পৰি কেইবাজনো লোকৰ মৃত্যু হৈছে। পুনৰ এজন যুৱক সন্ধানহীন হৈছে ব্ৰহ্মপুত্ৰ নদীত পৰি।

মহানগৰীৰ পানীখাইতিত ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ গৈ পানীত পৰি সন্ধানহীন হৈছে এজন যুৱক। সন্ধানহীন হোৱা যুৱকজনৰ নাম চন্দ্ৰ নমসুদ্ৰ। ভাতৃৰ সৈতে ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ গৈ যুৱকজন নাৱৰ পৰা পানীত পৰি সন্ধানহীন হৈ পৰে।

লগতে পঢ়ক – গুৱাহাটীৰ ৰেডিশ্যন ব্লু হোটেলত শিৱসেনাৰ বিসম্বাদী বিধায়ক সকল

বৰ্তমানলৈকে যুৱকজনৰ সন্ধান নাই। ইতিমধ্যে যুৱকজনৰ সন্ধানত উদ্ধাৰ অভিযানত নামি পৰিছে আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ লোক। মাছ মাৰিবলৈ গৈ এজন যুৱক ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈ পৰা ঘটনাই পানীখাইতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,335 other subscribers

Leave a comment

Leave a Reply Cancel reply