ৰঙিয়া : ৰঙিয়াৰ চেপ্তিত সন্ধানহীন হোৱা এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা কিশোৰজন প্ৰেমদা শিৱনাথ বিদ্যাপীঠৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা ৰঙিয়াৰ মহখুলিৰ হেমেন দাসৰ পূত্ৰ হিমাংশু দাস বুলি চিনাক্ত। দেওবাৰে চাৰি সমনীয়া বন্ধুৱে মোবাইলেৰে ভিডিঅ কৰি বানৰ মাজত “ব্লগ” বনাই আছিল। সেই সময়তে বানৰ প্ৰৱল সোঁতে উটুৱাই নিচিল দুই কিশোৰক।

এছ ডি আৰ এফ বাহিনীয়ে দেওবাৰৰ পৰা উদ্ধাৰ অভিযান চলাই অৱশেষত সোমবাৰে হিমাংশু দাস নামৰ কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আনজন কিশোৰ বৰ্তমানেও সন্ধানহীন হৈ আছে। আনজন কিশোৰ হৈছে প্ৰেমদা শিৱনাথ বিদ্যাপীঠৰ দশম শ্ৰেণীৰ ছাত্ৰ তথা চাপনীয়াৰ সতীশ দাসৰ পূত্ৰ জুমন দাস।

লগতে পঢ়ক – ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে মাজুলীৰ চৰাইচাপৰিৰ পকী পথ

মৃতদেহ উদ্ধাৰৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে হিমাংশুৰ ঘৰত। হিমাংশুৰ ঘৰৰ লগতে সমগ্ৰ ৰঙিয়াত শোকৰ ছাঁ পৰিছে। আনফালে সন্ধানহীন আনজন কিশোৰৰ সন্ধানত এছ ডি আৰ এফ বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply