নিউজ ডেস্ক: বৃহস্পতিবাৰে OnePlus-এ ভাৰতত তেওঁলোকৰ নতুন স্মাৰ্টফোন OnePlus Nord CE 2 5G মুকলি কৰিব।  কোম্পানীটোৱে এটা ভাৰ্চুয়েল ইভেণ্টৰ জৰিয়তে উক্ত স্মাৰ্টফোনৰ লগতে দুটা শেহতীয়া স্মাৰ্ট টিভি মুকলি কৰিব।

কোম্পানীটোৱে মুকলি কৰিব লগীয়া স্মাৰ্ট টিভি দুটা হৈছে OnePlus Y1S আৰু Y1S Edge।

OnePlus Nord CE 2 5Gত কি কি স্পেচিফিকেচন থাকিব-

OnePlus-এ জনোৱা মতে OnePlus Nord CE 2 5Gত এটা ট্ৰিপল ৰিয়েৰ কেমেৰা ছেটআপ থাকিব। ইয়াত এটা 64MP মেইন কেমেৰা এটা 8MP আল্ট্ৰা ৱাইড এংগল লেন্স কেমেৰা আৰু এটা 2MP মেক্ৰ কেমেৰা থাকিব।

ইয়াৰ উপৰি OnePlus Nord CE 2 5Gত থাকিব 65W Super VOOC চাৰ্জিং ছাপোৰ্ট, ফলত মাত্ৰ ১৫ মিনিট চাৰ্জ কৰিলেই এদিনৰ বেটেৰী লাইফ পোৱা যাব। স্মাৰ্টফোনটোত এটা 3.5mm অডিঅ’ জেক আৰু এখন মাইক্ৰ’SD কাৰ্ড শ্লট থাকিব বুলি কোৱা হৈছে।

এইসমূহৰ উপৰি স্মাৰ্টফোনটোত 1080X2400 pixel ৰিজলিউশ্যনসহ full HD+ ডিচপ্লে’ থাকিব বুলি কোৱা হৈছে। OnePlus Nord CE 2 5G ত Anroid 12 অপাৰেটিং ছিচটেম থাকিব। এক শেহতীয়া অনলাইন ৰিপ’ৰ্টত প্ৰকাশ পোৱা মতে 12GB RAM আৰু 256GB internal storage থকা OnePlus Nord CE 2 5Gৰ বজাৰ মূল্য ২৮,০০০ টকাৰ ভিতৰত হ’ব।

লগতে পঢ়ক – গোলাঘাটৰ নামটেমেৰাত আলি আয়ে লৃগাং; মন্ত্ৰী অতুল বৰাৰ নৃত্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply