নিউজ ডেস্ক: অসম মাধ্যমিক শিক্ষা পৰিষদে জাননী জাৰি কৰিছে যে অহা ১ জুনৰ পৰা মেট্ৰিকৰ কম্পার্টমেন্টেল পৰীক্ষাৰ বাবে অনলাইন প’ৰ্টেলযোগে আবেদন কৰিব পাৰিব শিক্ষার্থীসকলে।

শিক্ষাৰ্থীসকলে ১ জুনৰ পৰা অহা ১০ জুনলৈ আবেদন দাখিল কৰিব পাৰিব। মাচুল আদায় দিয়াৰ শেষ তাৰিখ ১৫ জুন ।

উল্লেখ্য যে সর্বাধিক তিনিটা বিষয়ত অনুত্তীর্ণ হোৱা অথবা ১৭০ গড় নম্বৰ লাভ কৰাসকলে কম্পার্টমেন্টেল পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব। অৱতীৰ্ণ হোৱা বিষয়সমূহত ৩০ শতাংশ নম্বৰ অথবা গড় হিচাপত ১৮০ নম্বৰ লাভ কৰিলে তেওঁলোকক উত্তীর্ণ ঘোষণা কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply