গুৱাহাটী : বিৰোধী দলপতি দেৱব্রত শইকীয়াই মণিপুৰৰ ভূমিস্খলনত প্ৰাণ হেৰুওৱা আৰু আঘাতপ্ৰাপ্ত হোৱা অসমৰ লোক সকলৰ বাবে ক্ষতিপূৰণ বিচাৰি তথা উত্তৰ-পূৱত বৰ্তমানে চলি থকা ৰে’লপথ সম্প্ৰসাৰণৰ প্ৰকল্প সমূহৰ পুনৰীক্ষণ দাবী কৰি প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় ৰে’লমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰে। প্ৰধানমন্ত্ৰী বিশেষ সাহায্য নিধিৰ অধীনত মৃতকৰ পৰিয়াললৈ ২৫ লাখ আৰু আহতৰ পৰিয়াললৈ ১০ লাখ টকাৰ সাহায্য দাবী কৰি প্ৰেৰণ কৰা পত্ৰত দেৱব্রত শইকীয়াই জনাই যে মণিপুৰৰ দুৰ্ঘটনাৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে ৰে’ল বিভাগৰ গাফিলতিৰ কথা।
প্ৰাৰম্ভিক অৱস্থাতে মাটিৰ গুণাগুণ সম্পৰ্কীয় পৰীক্ষাৰ ফল সমূহক গুৰুত্বসহকাৰে নোলোৱাৰ ফলত এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে বুলি অভিযোগ কৰি বিৰোধী দলপতিয়ে ৰে’লমন্ত্ৰীক বিভাগীয় নিধিৰ অধীনত অতি সোনকালে সাহায্য মোকোলাই দিবলৈ দাবী জনায়। তদুপৰি বৰ্তমানে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত চলি থকা ৰে’লপথ সম্প্ৰসাৰণৰ প্ৰকল্প সমূহৰ এক বিভাগীয় পুনৰীক্ষণ দাবী কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জনাই যে উত্তৰ পূৰ্বাঞ্চলৰ দৰে ভূতাত্বিক দিশৰ পৰা অতি সংবেদনশীল অঞ্চলত দুৰ্যোগ প্ৰশমনৰ দিশটোক বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। এইক্ষেত্ৰত এক বিভাগীয় পদক্ষেপ অতি সোনকালে গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী তথা ৰে’লমন্ত্ৰীক সজোৰে দাবী জনাই সততে বিজ্ঞানসন্মত দিশসমূহৰ প্ৰতি জনমত গঢ়াত বিশেষ গুৰুত্ব প্ৰদান কৰা দেৱব্ৰত শইকীয়াই।
লগতে পঢ়ক – Assam Flood : এতিয়াও ৰাজ্যৰ ২৬ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত
তদুপৰি, বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত চৰম বিফলতাৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত এনেদৰে অসমৰ যুৱকে বিভিন্ন ওচৰ চুবুৰীয়া ৰাজ্যত বিপদজনক পৰিস্থিতিত শ্ৰমিক হিচাপে নিজকে নিয়োগ কৰিবলৈ বাধ্য হৈছে বুলি অভিযোগ কৰে বিৰোধী দলপতি গৰাকীয়ে। পাঁচ বছৰত ২৫ লাখ আৰু এক বছৰত ১ লাখ চাকৰি প্ৰদান কৰিম বুলি দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ কেৱল নিৰ্বাচনী চমক আছিল নেকি বুলি প্ৰশ্ন কৰি বিৰোধী দলপতি গৰাকীয়ে পত্ৰখনত জনাই যে নিয়োগ সৃষ্টিৰ দিশত যুগান্তকাৰী পৰিৱৰ্তন অনা বুলি বিশ্বজুৰি চৰ্চিত এনৰেগাৰ দৰে গুৰুত্বপূৰ্ণ আঁচনিৰ সোপাধিলা ৰূপায়ন তথা বিগত ৬ বছৰে বিজেপি চৰকাৰে নিবনুৱা সমস্যাৰ সমাধানৰ বাবে প্ৰণয়ন কৰা সমূহ আঁচনিৰ বিফলতাৰ বাবেই আজি অসমত নিবনুৱাৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক হোৱাৰ দিশে। এই বিফলতাৰ নৈতিক দায়িত্ব গ্ৰহণ কৰি অসম চৰকাৰেও মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য নিধিৰ অধীনত মৃতকৰ পৰিয়ালক ১০ লাখ আৰু আহতৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহায্য ঘোষণা কৰিবলৈ এই পত্ৰৰ যোগেদি দেৱব্ৰত শইকীয়াই দাবী জনায়।