ওৰাং : ওৰাং ৰাষ্ট্ৰীয় উদ্যান বাঢ়নী পানীৰ তলত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ১৩ টাকৈ বন শিবিৰ জলমগ্ন। ওখ ঠাইলৈ ঢাপলি মেলিছে উদ্যানখনৰ জীৱ-জন্তু।
ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিবৰ্তিত হৈ আছে। নেৰানেপেৰা বৰষুণৰ ফলত ন ন অঞ্চল বুৰাই পেলাইছে বাঢ়নী পানীয়ে। লাখ লাখ লোক প্ৰভাৱিত হৈছে বানপানীৰ ফলত।
এইবাৰ বন্যপ্ৰাণী সমূহলৈ ভাবুকি কঢ়িয়াই আনিছে বানপানীয়ে। ইতিমধ্যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছে বানৰ পানী। উদ্যানখনৰ ১৩ টাকৈ বন শিবিৰ এতিয়া বাঢ়নী পানীৰ তলত।
লগতে পঢ়ক – সুলভ মূল্যৰ চাউল বিতৰণৰ বাবেই মূল্যবৃদ্ধি হৈছে:বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
উদ্যানখনৰ বন কর্মী সকল বাঢ়নী পানীত কৰ্তব্য পালন কৰিবলৈ বাধ্য হৈছে। বাঢ়নী পানীত খোজ কাঢ়ি আৰু হাতীৰ পিঠিত উঠি বন কর্মী সকলে কৰ্তব্য পালন কৰিছে।