নিউজ ডেস্কঃ আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত লোকনিৰ্মাণ বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা শিক্ষা খণ্ডৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে সংশ্লিষ্ট অভিযন্তা আৰু ঠিকাদাৰসকলৰে এখন বৈঠকত মিলিত হয়।

বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ সম্পূৰ্ণ হোৱা ১৯খন আদৰ্শ বিদ্যালয়ত অধ্যক্ষ আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়া তৎকালীনভাৱে সম্পূৰ্ণ কৰি তেওঁলোকৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে। তদুপৰি নতুন এই শিক্ষানুষ্ঠানসমূহত আচবাব, ইউনিফৰ্ম যোগান, মধ্যাহ্ন ভোজন আদিৰ ব্যৱস্থা সুনিশ্চিত কৰাৰ লগতে এনে শিক্ষানুষ্ঠানসমূহত বৃক্ষ ৰোপণৰ বাবেও নিৰ্দেশনা দিয়ে। অসম চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ অংশৰূপে ৰাজ্যৰ প্ৰতিটো সমষ্টিতে নিৰ্মাণ হ’বলগীয়া বিদ্যালয় ভৱনসমূহৰ তালিক প্ৰস্তুত কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিয়ে।

আনহাতে চলিত শিক্ষাবৰ্ষত শিক্ষাথীৰ্ৰ নামভৰ্ত্তিৰ পৰিসংখ্যা বিশ্লেষণ কৰি একত্ৰীকৰণৰ প্ৰয়োজনীয়তা থকা শিক্ষানুষ্ঠানৰ তালিকা জুলাই মাহৰ ভিতৰতে প্ৰস্তুত কৰাৰ লগতে চহৰাঞ্চলৰ শিক্ষানুষ্ঠানসমূহত থকা অতিৰিক্ত শিক্ষকৰ সংখ্যাৰ তালিকা প্ৰস্তুতৰ বাবেও এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হয়। ইয়াৰ লগতে এক কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা প্ৰাথমিক বিদ্যালয় আৰু পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা হাইস্কুলৰ তালিকা প্ৰস্তুতৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে।

ইয়াৰোপৰি আজিৰ বৈঠকত ৰাজ্যত নিৰ্মাণ হৈ থকা ৯খন মহিলা মহাবিদ্যালয়, ২১খন আদৰ্শ মহাবিদ্যালয়, ৬খন অভিযান্ত্ৰিক মহাবিদ্যালয়, ১০খন আইন মহাবিদ্যালয়, ১০খন শিক্ষণ মহাবিদ্যালয়, ৫খন পলিটেকনিকৰ সকলো কাম নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

আজিৰ বৈঠকত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, শিক্ষা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি আৰ চামাল, উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ মাননীয় সচিব নাৰায়ণ কোঁৱৰ, সমগ্ৰ শিক্ষা অভিযান, অসমৰ মাননীয় মিছন সঞ্চালক ড° ওম প্ৰকাশ, লোকনিৰ্মাণ বিভাগৰ বিশেষ আয়ুক্ত তথা বিশেষ সচিব ৰাজ চক্ৰৱতীৰ্কে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে৷

লগতে পঢ়ক – অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ হিচাপে ড০ কল্যাণ কলিতা নিযুক্তি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply