নিউজ ডেস্ক: অসম কৃষি বিভাগৰ সঞ্চালক প্ৰধান অনন্ত লাল জ্ঞানীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। কাৰণ তেওঁ আদালতক ভুৱা তথ্য প্ৰদান কৰাৰ তথ্য পোহৰলৈ আহিছে।
অসম চৰকাৰৰ মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰক আদালতক প্ৰদান কৰা মিছা তথ্যৰ তদন্ত কৰিবলৈ আৰু দুমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ আদালতে নিৰ্দেশ প্ৰদান কৰিছে। লগতে আদালতে অনুসন্ধানৰ সময়ত তেওঁক বিভাগ বা বিভাগীয় কামৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
আদালতে সঞ্চালক প্ৰধান অনন্ত লাল জ্ঞানীৰ দ্বাৰা নিবিদা গ্ৰহণ কৰাৰ এটা গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল যদিও সেই শুনানিত স্থগিতাদেশ দিয়া হৈছিল।
এই সন্দৰ্ভত, আদালতে জ্ঞানীক তীব্ৰ ভৎসৰ্না কৰি সুধিছিল যে তেওঁ ইংৰাজী জানে নে নাই।