নিউজ ডেস্কঃ জনস্বাস্থ্য কাৰিকৰী বিভাগ অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ। বিভাগত নতুনকৈ যোগদান কৰা ২৩৯ গৰাকী তৃতীয় আৰু চতুৰ্থ বর্গৰ কৰ্মচাৰীক লৈ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অভিযোজন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতা অনুষ্ঠিত হয়।
মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানটোত কয়, মেধাৰ বলত নিযুক্তি পোৱা নতুন কৰ্মচাৰীয়ে নিসন্দেহে বিভাগটোৰ কর্মশক্তি বৃদ্ধি কৰিব। বর্তমান উক্ত বিভাগৰ অধীনত ‘জল জীৱন মিছন’ আৰু ‘স্বচ্ছ ভাৰত অভিযান’ৰ আঁচনিৰ কাম চলি আছে আৰু দুয়োটা আঁচনিৰ ৰূপায়নৰ ক্ষেত্রতে বিভাগটোৱে ফল দেখুৱাবলৈ সক্ষম হ’লেও এই নতুনকৈ নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে চূড়ান্ত আত্মনিয়োগেৰে কাম কৰিলে আমি আৰু অধিক ভাল ফল প্রাপ্তিৰ হ’ব বুলি কয়।

লগতে তেওঁ, নৱনিযুক্ত চাকৰিয়ালসকলে যিদৰে এটা নিকা আৰু স্বচ্ছ ব্যৱস্থাৰে নিৰ্বাচিত হৈছে, সেইদৰে তেওঁলোকেও কোনো ধৰণৰ দুর্নীতিৰ আশ্রয় নোলোৱাকৈ নিষ্ঠাৰে কাম কৰি দেশৰ, দহৰ উন্নতিত যত্নপৰ হ’বলৈ আহ্বান জনাই।
আজিৰ অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব চয়দিন আব্বাচী, বিশেষ সচিব দিগন্ত বৰুৱা, মুখ্য অভিযন্তা দিব্যজ্যোতি দুৱৰা, মুখ্য অভিযন্তা (অনাময়)বি.এম. ৰয় আৰু অন্যান্য জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে।
লগতে পঢ়ক – কালিলৈ মুক্তি নহয় “শ্ৰী ৰঘুপতি”, আদালতে প্ৰদান কৰিছে নিষেধাজ্ঞা