গুৱাহাটী: যোৱা এটা দশকত, অৰ্থাৎ ২০১২ চনৰ পৰা অসমত ২৮,০৫৬ টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। সোমবাৰে অসম বিধানসভাত এই তথ্য দাঙি ধৰা হয়।
বিধানসভাত এটা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰীয়ে সদনক উক্ত তথ্য দাঙি ধৰি কয় যে পাৰিবাৰিক সমস্যা, আৰ্থিক অনাটন বা প্ৰেমজনিত ঘটনা আদি বিভিন্ন কাৰণত আত্মহত্যাৰ ঘটনাসমূহ সংঘটিত হৈছে।
তেওঁ লগতে কয় যে যোৱা ১০ বছৰত ৰাজ্যত ১২,৭০৩ টা হত্যাকাণ্ড, ১১১ টা ধৰ্ষণ আৰু হত্যা, ১৮,৫১৯ টা ধৰ্ষণ আৰু ৩১,৩৬০ টা নিৰ্যাতনৰ গোচৰ ৰুজু কৰা হৈছে।
আন এক প্ৰশ্নৰ উত্তৰত মুখ্য মন্ত্ৰীয়ে জনাই যে ২০১৭ চনৰ পৰা ২০২২ চনৰ ২৮ ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যত চুৰি, ধৰ্ষণ, অপহৰণ, হত্যাকাণ্ড আৰু ডকাইতি আদি এনে ৯টা ধৰণৰ অপৰাধৰ মুঠ ১,১৯,৮০০ টা ঘটনা সংঘটিত হৈছে।
২০১১ চনৰ পৰা ২০১৬ চনৰ সময়ছোৱাত এনে ঘটনাৰ সংখ্যা আছিল ৮৫,২২৪ টা।
এইসমূহৰ উপৰি ২০১৬ চনৰ পৰা ২০২২ চনলৈ অসমত ১০,৬৫১ টা চাইবাৰ অপৰাধ সংঘটিত হৈছে আৰু এই সংক্ৰান্তত ১,৩৭৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ২০১১ চনৰ পৰা ২০১৬ চনৰ সময়খিনিত ৰাজ্যত চাইবাৰ অপৰাধৰ সংখ্যা আছিল ১,৪৬৭ টা আৰু ১৬৮ জনক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি তেওঁ কয়।
লগতে পঢ়ক – বোকাজানত জব্দ ৫ কোটি টকাৰ ড্ৰাগছ, আটক তিনি ড্ৰাগছ সৰবৰাহকাৰীক